Full Text Transcript
Text below was recognized via OCR from scanned pages and may contain minor errors.
Civil Services (Main)
Examination, 2026 பன
অসমীয়া / ASSAMESE
(বাধ্যতামূলক / ( Compulsory )
೫೫೫.8 ঘন্টা মুঠ 7૪૪. 300
Time Allowed : Three Hours Maximum Marks : 300
প্ৰশ্নোত্তৰ वदी সম্পর্কীয় বিশেষ নির্দেশনা
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ পৰামশাৰ্ৱলী / নিদেৰ্শনা ¥୪ সহকাৰে পঢ়ি লোৱা:
সকলোৱবোৰ ANF উত্তৰ লিখিব লাগিব |
কাষত প্রশ্নটোৰ ள்ள YURB দিয়া আছে | ۳ات
বিশেষ নিদোৰ্শনা নথকা ANT উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিৰে) লিখিব লাগিব /
னக বাবে শব্দৰ নিধার্বিত সংখ্যা দিয়া থাকিলে তাক মানিব লাগিব याक ரள
সংধ্যাতকৈ বেছি বা কম কাবিলে VIF কটা যাব পাৰে /
౨౯౫౧౪౪ বহীৰ কোনোবা পৃষ্ঠা 79513೫ খালি হৈ থাকিলে স্পষ্টকৈ Blo দিব লাগিব /
Question Paper Specific Instructions
Please read each of the following instructions carefully before attempting
questions:
All questions are to be attempted.
The number of marks carried by a question /part is indicated against it.
Answers must be written in ASSAMESE (Assamese script) unless otherwise directed in
the question.
Word limit in questions, wherever specified, should be adhered to and if answered in much
longer or shorter than the prescribed length, marks may be deducted.
Any page or portion of the page left blank in the Question-cum-Answer (QCA) Booklet must
be clearly struck off.
۸۲۷۷۸۶-۰۸ 1
Ql.
९2.
তলত দিয়া যিকোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা :
(৪) ভাৰতৰ অৱধাৰণা আৰু আমাৰ ভৱিষ্যত
0) ডিজিটেল যুগত নাগৰিকৰ কর্তব্য
(0 ভাৰতৰ মহাকাশ গৱেষণা আৰু মঙ্গলযান
(ଏ) যাস্থ্যসেৱাৰ সুচলতা আৰু গুণগত মান
তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ তলত দিয়া প্রশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু
সংক্ষিপ্ত উত্তৰ দিয়া : 12x5=60
দুখৰ ক্ষেত্ৰত ভয়ৰ যি স্থান, আনন্দৰ ক্ষেত্ৰত উদ্যমৰো সেই একেই স্থান |
কষ্ট আৰু ক্ষতি সহিবৰ কাৰণে সাহসৰ প্ৰয়োজন হোৱা কাৰ্যসমূহৰ আনন্দকে উদ্যম
বুলি ক'ব পাৰি । কষ্ট আৰু ক্ষতিৰ স্তৰ অনুযায়ী উদ্যমৰো কেইটিমান স্পষ্ট ভাগ
আছে | সাহিত্য সমালোচকসকলে ইয়াকে যুদ্ধবীৰ, দানবীৰ, দয়াবীৰ আদি ভাগত
ভাগ কৰিছে | এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন আৰু প্ৰধান হৈছে যুদ্ধক্ষেত্ৰৰ
বীৰত্ব, ఇల আঘাত, কষ্ট আনকি মৃত্যুও নগন্য হৈ পৰে | ইতিহাসে ঢুকি নোপোৱা
কালৰে পৰা এই প্ৰকাৰৰ বীৰত্বৰ অনুশীলন হৈ আহিছে; য'ত সাহস আৰু প্ৰয়াস
উভয়ে চৰম শিখৰ চুইছে | কিন্তু কেৱল দুখ আৰু যাতনা সহিব পৰা গুণৰ পৰাই
উদ্যমৰ সৃষ্টি নহয় । ইয়াৰ সৈতে আনন্দপূর্ণ প্রয়াস আৰু উৎসাহ সংযুক্ত হ'ব
লাগিব | অচেতন নকৰাকৈ ডাঙৰ ফোঁহা এটাৰ অস্ত্রোপচাৰ কৰাটো সাহস হ'ব
পাৰে, কিন্তু তাক উদ্যম বুলি ক'ব নোৱাৰি | সেইদৰে নীৰৱে, হাত-ভৰি লৰচৰ
নকৰাকৈ যুদ্ধৰ প্ৰহাৰ সহ্য কৰিবলৈ সাজু হৈ থকাটো সাহস আৰু কঠিনতকৈও
কঠিন আঘাত সহ্য কৰিও নিজৰ ঠাইৰ পৰা আঁতৰি নোযোরাটোক দৃঢ়তা বুলিব
পাৰি | এনেকুৱা সাহস আৰু দৃঢ়তাক উদ্যম বুলি ক'ব পৰা যায়, যদিহে সাহসী আৰু
ধৈৰ্যনীলজনে প্ৰহাৰ সহিবলগীয়া হোৱা কামটো আনন্দ মনেৰে গ্রহণ কৰে | মুলকথা
এইটোৱেই যে আনন্দপূর্ণ প্রয়াস তথা ইয়াৰ আগ্ৰহতহে উদ্যম দেখা যায়, কেবল
নিষ্ক্রিয়ভাবে কষ্ট সহি যোৱাত নহয় | দৃঢ়তা আৰু সাহস উভয়ে উদ্যমৰ মাধ্যমেৰে
সঞ্চাৰিত হয়।
ಡಿಯ 2
९३.
দানবীৰ সকলৰ নিজৰ ধন-সম্পদ ত্যাগ কৰা আৰু তাৰ ফলত হ'ব পৰা ক্ষতি
সহ্য কৰাৰ সাহস থাকে । প্ৰকৃত দান বা উদাৰতা বুলি তেতিয়াহে কোৱা হ’ব, যেতিয়া
দান দিয়াৰ কাৰণে দান দিওঁতাজনে জীৱন নিৰ্বাহত কিবা প্ৰকাৰৰ সংকটৰ সম্মুখীন
হ’বলগীয়া হয় । এই সংকটৰ পৰিমান যিমানে বেছি হয়, সিমানেই উদাৰতাৰ
পৰিমানো বৃদ্ধি পায় | কিন্তু এই ধন-সম্পদ ত্যাগ কৰাৰ সাহসত যেতিয়ালৈকে
আন্তৰিকতা, আগ্ৰহ আৰু আনন্দেৰে কৰা নেযায়, তেতিয়ালৈকে উদ্যমৰ প্ৰকৃত
স্বৰূপো প্ৰকাশ নেপায়।
যুদ্ধৰ উপৰিও পৃথিৱীত আৰু কিছুমান কঠিন কার্য থাকে; য'ত চূড়ান্ত
শাৰীৰিক কষ্ট সহিব লগা হয় | আনকি মৃত্যুৰ সম্ভাৱনাও থাকে | গৱেষণাৰ
উদ্দেশ্যেৰে বৰফেৰে আবৃত সুউচ্চ পৰ্বত, চাহাৰা মৰুভূমি বা মেৰু অঞ্চলত কৰা
ভ্ৰমণ, অচিনাকী গভীৰ অৰণ্যত বাস কৰা হিংস্ৰ, বৰ্বৰ জাতিৰ মানুহৰ মাজত প্ৰৱেশ
কৰা আদি কামবোৰ সাহস আৰু পৰাক্রমৰ পৰিচায়ক | এনে কামবোৰ যদি মানুহে
আনন্দপূর্ণ আগ্ৰহেৰে কৰে, সেয়াও একপ্ৰকাৰৰ উদ্যমৰে অভিব্যক্তি |
(a) উদ্যমত সাহসৰ ভূমিকা সম্পর্কে স্পষ্টকৈ লিখা |
0১) দৃঢ়তা বুলিলে কি বুজা যায়?
(c) উদ্যম কেনেদৰে আহৰণ কৰিব পাৰি?
(4) আনন্দপূর্ণ আগ্রহ আৰু উদ্যমৰ মাজত সম্পর্ক বিচাৰ कवा |
(০) দান দিওঁতাজনে দান দিয়া কাৰ্যৰ বাবে কি সহন কৰিবলগীয়া হয়?
তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখা |
শিৰোনাম দিয়াৰ আৱশ্যকতা নাই । সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখিব
नानिव ।
এগৰাকী ভাল শ্রোতা হ'ব পৰাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু
আকৰ্ষনীয় জীৱন কৌশলসমূহৰ ভিতৰত অন্যতম | তথাপিও আমাৰ মাজৰ বহু
কম সংখ্যক লোকেহে এই কৌশলটো জানে । তাৰ কাৰণ এইটো নহয় যে আমি
বেয়া, বৰঞ্চ তাৰ কাৰণটো হৈছে আমাক কোনোৱে এই বিষয়ে শিকোৱা নাই | ইয়াৰ
সৈত্যে জড়িত আৰু এটা কাৰণ হৈছে যে মাত্ৰ কেইগৰাকীমানেহে আমাৰ কথা
মনোযোগেৰে শুনে | সেইবাবে সামাজিক জীৱনত আমি আনৰ কথা শুনাতকৈ
বৈছিকৈ নিজৰ কথা কোৱাৰ (गरूर বন্দী হৈ পৰো । আনক লগ পোৱাৰ বাবে
আমাৰ DAT থাকে, অথচ তেওঁৰ কথা শুনাৰ আগ্ৰহ নেথাকে | ফলত লাহে লাহে
বন্ধুত্ব এটা সমাজবদ্ধ ইগ'লৈ পৰিৱৰ্তিত ஊ | ভাল শ্ৰোতাসকলে এনেকুৱা কিছুমান
KVMS-L-ASSM 23
12
12
72
72
72
66
কাম কৰে যিবোৰ তেওঁলোকৰ সৈতে কটোৱা সময়খিনি উপভোগ্য কৰি তোলে |
বহুক্ষেত্ৰত আমি একোটা এনে প্ৰসঙ্গৰ কথা আলোচনা কৰো, যিটো জৰুৰী, অথচ
কেনেবাকৈ স্পষ্টও নহয় । তেনেকুৱা কিবা এটাৰ দ্বাৰা উৎসাহিত হৈ আমি ক’ব
নোৱৰাকৈয়ে কথোপকথন আৰম্ভ কৰো | কেতিয়াবা আমি নিজৰ কামক লৈ উদ্বিগ্ন,
কেতিয়াবা কৰ্মক্ষেত্ৰত কেৰিয়াৰৰ উচ্চাকাংক্ষাক লৈ চিন্তিত । আমি নিশ্চিত হ’ব
নোৱাৰো দৰাচলতে আমাৰ কাৰণে কোনটো প্ৰয়োজনীয় | এইটো নে সেইটো -
আমাৰ কাৰণে কোনটো সঠিক হ'ব নিশ্চিত নহয় | হয়তো এটা সম্পৰ্কত জটিলতা
আহি পৰিছে, আমি কিবা এটাক লৈ অস্থিৰ হৈ পৰিছে৷ | অথবা সামগ্ৰিকভাৱে
জীৱনক লৈ নিৰাশ অনুভৱ কৰিছো (ঠিক কি হৈছে বা কি ঘটিছে খাটাংকৈ
আঙুলিয়াই দিব পৰা নাই); અથવા আমি কিবা এটাক লৈ খুবেই উৎকন্ঠিত আৰু
উৎসাহী, কাৰণটো কি ধৰিবলৈ সহজ নহয়।
মুলতঃ এই সকলো বিষয়েই স্পষ্টতাৰ সন্ধান কৰে | ভাল শ্রোতা এজনে জানে
যে খেলিমেলি হৈ থকা মানসিক অৱস্থাৰ পৰা আমি আন কাৰোবাৰ সৈতে
কথা-বতৰা পতাৰ মাধ্যমেৰে অধিক শান্ত মানসিক অৱস্থালৈ যাব পাৰো |
ওঁলোকৰ সৈতে কথা পাতি আমি উলিয়াব পাৰিম - কথাবোৰ ক'ত GE লাগি
আছে | কিন্তু বাস্তৱত সাধাৰণতে এইটো হৈ নুঠে | কাৰণ কথোপকথনৰ মাধ্যমেৰে
স্পষ্টতা বিচাৰি উলিওৱাৰ প্রয়োজনীয়তা সম্পৰ্কে পৰ্যাপ্ত পৰিমানে সজাগতা নাই |
ভাল শ্ৰোতাৰ সংখ্যাও যথেষ্ট নহয় | গতিকে মানুহে বিশ্লেষণ কৰাতকৈ নিজৰ
কথাতহে লাগি থাকে । তেওঁলোকে বিভিন্ন ধৰণে এই সত্যটোহে দোহাৰে যে
তেওঁলোক উদ্বিগ্ন, উৎকন্ঠিত, দুখী অথবা আশাবাদী আৰু তেওঁলোকৰ
কথোপকথনৰ সঙ্গীজনে হয়তো শুনে, কিন্তু গভীৰভাৱে বুজাত সহায় কৰিব
নোৱাৰে । ভাল শ্রোতা এজনে কথোপকথন কৌশলৰ দ্বাৰা-এনেবোৰ পৰিস্থিতিৰ
বিৰূদ্ধে যুঁজিব পাৰে।
আনে যেতিয়া কথা কয় ভাল শ্রোতাসকলে একাত্ম হৈ শুনে, তেওঁলোকে
সমৰ্থনত উৎসাহপূর্ণ মন্তব্য দিয়ে, তেওঁলোকে কিছুমান ইতিবাচক ভঙ্গিমা প্ৰদৰ্শন
কৰে-মুৰ দুপিয়ায়, কেতিয়াবা একোটা হুমুনিয়াহ কাঢ়ে, কৌশলেৰে ‘AW’ বুলি
উচ্চাৰণ কৰি আগ্রহ প্রদর্শন কৰে | গোটেই সময়ছোৱাত তেওঁলোকে கணக
বিষয়বস্তুৰ আৰু গভীৰলৈ যাবলৈ উৎসাহিত কৰে | তেওঁলোকে প্ৰায়ে ক'বলৈ ভাল
পায় “মোক এই বিষয়ে আৰু অলপ বহলাই காஸா. ‘‘তুমি সেই কথাটো
مم মই বৰ আকৰ্ষিত হৈছিলো’, “fea তেনেকুৱা হ'ল বুলি তুমি ভাবা'', অথবা
“THE বিষয়ে তুমি কি অনুভৱ কৰা ?'' ভাল শ্ৰোতাই মনতে ধৰিয়েই লয় যে আন
পক্ষৰ কথোপকথনত স্বাভাৱিকতে অস্পষ্টতা থাকিব | কিন্তু তাৰ বাবে তেওঁলোকে
KVMS-C-ASSM 4
౧4.
গৰিহনা নিদিয়ে বা অধৰ্য্য হৈ নুঠে | কাৰণ তেওঁলোকে জানে যে এই অস্পষ্টতা
বিশ্বজনীন আৰু মানসিক অস্থিৰতাৰ প্ৰকাশ । এনে পৰিস্থিতিত সহায় কৰাটো ভাল
বন্ধুৰ POT | বহু সময়ত আমাৰ মনৰ মাজত কিবা এটা চলি থাকে | কিন্তু তাৰ
কাৰণটো আমি বিচাৰি উলিয়াব নোৱাৰোঁ | আমাক কিহে আমনি কৰি আছে বা
কিহে উৎকন্ঠিত কৰি আছে ধৰিব নোৱাৰোঁ | ভাল শ্রোতা এজনে জানে যে ক’বলৈ
উৎসাহ পালে আৰু বেছি গভীৰলৈ গৈ বিস্তৃতভাবে কওঁ আৰু ইয়াৰ দ্বাৰা বহুলভাৱে
লাভবান হওঁ | অমাক এনে এজন শ্রোতা লাগে যি উপদেশ দিয়াতকৈ দুটা তেনেই
যাদুকৰী শব্দ কয় - ‘কোৱা আৰু (कावा. | আমি সহোদৰ এজনৰ কথা উল্লেখ
কৰোঁ আৰু তেওঁলোকে আৰু অলপ বৈছিকৈ জানিব বিচাৰে - শৈশৱত
সহোদৰজনৰ সৈতে কেনে আছিল, পাছলৈ সময়ৰ লগে লগে সেই সম্পৰ্ক কেনেকৈ
সলনি হল ইত্যাদি | আমাৰ Saxo আৰু উৎকণল্ঠাৰ মূল কাৰণ কি সেই কথা
জানিবলৈ তেওঁলোক সদায় আগ্ৰহী | তেওঁলোকে এনে ধৰণৰ প্ৰশ্ন সোধে -
বিশেষকৈ সেই কথাটোৱেই তোমাক কিয় আমনি কৰে’, ‘সেইটো তোমাৰ কাৰণে
কিয় ইমান ডাঙৰ কথা আছিল'' | তেওঁলোকে আমাৰ আগৰ কথাবোৰ মনত ৰাখে
আমি আগতে কোৱা কিবা এটা কথা প্ৰসঙ্গক্ৰমে উনুকিয়াব পাৰে আৰু আমাৰ -
এনে লাগে যেন তেওঁলোকে আমাৰ সৈতে অধিক ঘনিষ্ঠ হোৱাৰ ভেটি গঢ়ি তুলিছে |
অস্পষ্ট মন্তব্য এটা কৰাটো তেনেই সহজ কাম | আমি সাধাৰণভাৱে কৈ দিব পাৰোঁ
যে - কিবা এটা মৰম লগা, ভয়ানক, সুন্দৰ অথবা আমনিদায়ক | কিন্তু আমি
বাস্তৱত এই কথা বুজিবলৈ প্রয়াস নকৰোঁ | কিয়নো সেইকথা আমি অনুভৱ
THAT | ভাল শ্রোতা এজনৰ আমাৰ মন্তব্যবোৰৰ বিষয়ে ফলপ্ৰসূ আৰু মৈত্ৰীভাৱৰ
সন্দেহ কিছুমান থাকে আৰু তেওঁ সেইবোৰৰ অন্তৰালত লুকাই থকা পৃষ্ঠভূমি বিচাৰ
কৰাৰ প্রয়াস কৰে।
(645 भक)
তলৰ গদ্যাংশ ইংৰাজী ভাষালৈ অনুবাদ কৰা :
প্রাচীন কালৰে পৰা জাহাজ চলোৱা কলা-কৌশলৰ বাবে ভাৰতীয়
নাবিকসকল প্ৰসিদ্ধ | প্ৰায় 5000 বছৰৰ আগতেই সাগৰত তেওঁলোকে জাহাজ
চলোৱা আৰম্ভ কৰিছিল | সেই সময়ত সমুদ্ৰ যাত্ৰাৰ কাৰণে মাত্ৰ কেইপদমান
সঁজুলিহে উপলব্ধ আছিল | আজিকালিৰ দৰে আধুনিক সঁজুলিসমূহৰ ব্যৱহাৰ
নাছিল | কিন্তু প্রাচীন কালৰ নাবিকসকলৰ বোধকৰোঁ ইন্দ্ৰিয়সমূহ অধিক সজাগ
আছিল আৰু বতৰ সম্পর্কে অধিক জ্ঞান আছিল | তেওঁলোকে গ্রহ-নক্ষত্রসমূহ
নিৰীক্ষণ কৰিব জানিছিল, বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰিছিল আৰু ৰং চাই সাগৰৰ
পানীৰ গভীৰতা নিৰ্দ্ধাৰণ কৰিব পাৰিছিল | সামুদ্রিক জীৱসমুহক লক্ষ্য কৰি
KVMS-L-ASSM a
20
Q5.
তেওঁলোকে স্থলভাগ কিমান দূৰত আছিল অনুমান কৰিব পাৰিছিল আৰু কেতিয়াবা
একোখন দেশৰ ভৌগোলিক অৱস্থানো নিখুঁতভাৱে ক’ব পাৰিছিল । তেতিয়াৰ দিনত
নৌবিদ্যা শিকাৰ কোনো অনুষ্ঠান নাছিল | গতিকে তেওঁলোকে যি শিকিছিল সেয়া
আছিল প্রয়াস আৰু প্রমাদৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা | কেতিয়াবা দুর্ঘটনাও
সংঘটিত হৈছিল | কিন্তু তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাসে সমুদ্ৰযাত্ৰা বাহাল
ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল । এই শক্তিৰ ভৰসাতে তেওঁলোকে পশ্চিমত পাৰস্য
উপসাগৰ, পুবে আফ্ৰিকাৰ উপকূল, সুদূৰ পূৰ্ব ইন্ডোনেচিয়া, কম্বোদিয়া, அள,
বৰ্ণিয়, শ্যেলিবিছ আদি দ্বীপসমূহত উপস্থিত হ'বলৈ সক্ষম হৈছিল | 1920 খ্ৰীষ্টাব্দৰ
আৰম্ভনি কালতহে নৌবিদ্যা প্ৰশিক্ষণৰ আধুনিক যুগ আৰম্ভ হৈছিল।
স্বাধীনতাৰ পৰৱৰ্তীকালত ভাৰতত পৰিৱৰ্তনৰ এক মধুৰ ঢৌ উঠিছিল |
ভাৰতত জাহাজ চলা পৰম্পৰাৰ যি সূর্য কেই শতিকামানৰ আগতে অস্ত গৈছিল
সেই সূৰ্য পুণৰবাৰ উদিত হৈ উজলিবলৈ আৰম্ভ কৰিছিল | ভাৰতীয় জাহাজ চলাচলৰ
এই পৰম্পৰা বর্তমান সঠিক দিশেৰে অগ্ৰসৰ (ર |
তলত দিয়া গদ্যাংশ অসমীয়া ভাষালৈ অনুবাদ কৰা:
Orientation for entrepreneurship has to start right from the schools. In
schools, teachers need to highlight the role of entrepreneurship in national
development. During college, students must be exposed to business
development opportunities and must be trained towards the creation of new
enterprises. Parents should encourage their children to take up new ventures
after their education. We should cultivate a mindset that ‘Idea is wealth’.
The government must create a facilitating environment for the provision
of venture capital for innovative ideas without collateral security.
Universities and engineering and management institutions should work with
banks and other funding agencies towards simplifying procedures for setting
up businesses and working with entrepreneurs till the project becomes
self-sustaining and viable. Procedures in government should facilitate the
spotting and recognition of new Indian talent in entrepreneurship by creating
a level playing field for healthy competition. Citizens who can afford it should
turn themselves into angel investors or start venture capital organizations to
fund such new ventures. Big and small industries need to have an open mind
in order to encourage and partner with young entrepreneurs.
1115-4451 8
20
Q6.
(a)
(b)
(০)
তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য
ৰচনা কৰা: 2x5=10
@ হাতত সাৰে ভৰিত সাৰে 2
¢) পেটতে হাত ভৰি লুকা 2
01) राणक মাটি কৰ 9
(Gv) নাম बाश 9
ಇಳ মুৰে কপালে হাত দে 2
তলত দিয়া ফকৰা-যোজনা দুটাৰ ভাব-সম্প্ৰসাৰণ কৰা: 5x2=10
0) =হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাও 5
Gi) সাপ মাৰি নেগুৰত বিহ থোৱা 5
তলত দিয়া শব্দবোৰৰ, প্ৰতিটোৰে একোটাকৈ বিপৰীত অর্থবাচক শব্দ
লিখা: 1x10=10
@ সুগম 1
യ এলেহুৱা 1
क) স্বাধীন 1
(iv) হর্ষ 1
ഴ অহিংসা 1
ഷ পৰিষ্কাৰ 1
(vii) ৰোগী 1
(viii) গুণ 1
Gx) মিত্র 1
७) অসুবিধা 1
KVMS-L-ASSM 7
(ત) তলত দিয়া বাক্যাংশসমূহ এটা শব্দত প্রকাশ কৰা:
KVMS-L-ASSM
(i)
(ii)
(iii)
(iv)
(v)
(vi)
(vii)
(viii)
(ix)
(x)
আনৰ ভাল দেখিব নোৱাৰা
थि তিৰোতাই ধান দায়
একে মাকৰ সন্তান
সোণৰ দৰে উজ্বল বৰণ
थि মানুহে নিজৰ দেশক ভাল পায়
ইশ্বৰ আছে বুলি বিশ্বাস নকৰা লোক
হঠাতে হোৱা যি ঘটনা
কাপোৰ বব জনা তিৰোতা
গোটেই জীৱন জুৰি
যাক লংঘন কৰিব নোৱাৰি
1x10=10